Hot Posts

6/recent/ticker-posts

সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰত জোনাই প্ৰেছ ক্লাবৰ তীব্ৰ গৰিহণা,

 সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰত জোনাই প্ৰেছ ক্লাবৰ তীব্ৰ গৰিহণা, 


কলা বেজ পৰিধান কৰি প্ৰতিবাদ



গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক তথা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক শুধুমাত্ৰ প্ৰশ্ন কৰাৰ বাবেই গুৱাহাটীৰ পাণবজাৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাটো অগণতান্ত্ৰিক আৰু গগণতান্ত্ৰিক স্বাধীনতাৰ ওপৰত আঘাত বুলি জোনাই প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছে।


ইয়াৰ প্ৰতিবাদত আজি জোনাই প্ৰেছ ক্লাবৰ সাংবাদিকসকলে কলা বেজ পৰিধান কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সাংবাদিকৰ কণ্ঠ ৰোধ কৰিবলৈ কৰা যিকোনো প্ৰয়াস গণতন্ত্ৰৰ ভিত্তি দুর্বল কৰে বুলি ক্লাবে স্পষ্টভাৱে কয়।


উল্লেখ্য যে, ‘ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স’ত ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৬৯ নম্বৰত অৱস্থান কৰিছে । সেয়ে চৰকাৰক সংবাদ মাধ্যমৰ স্বাধীনতা সুনিশ্চিত কৰিবলৈ জোনাই প্ৰেছ ক্লাবে আহ্বান জনাইছে।


एक टिप्पणी भेजें

0 टिप्पणियाँ